AWBI Recognition Number

ND044/2007

Email Address

pr@jbfsociety.org

Phone Number

+91-99544 49528

“অফিচ”
আজি তিনি মাহ মানৰ আগতে এই গৰাকী বিহীন কুকুৰটো আহি মোৰ গাড়ীৰ তলত শুই আছিল। গাড়ীখন ষ্টাৰ্ট কৰাৰ লগে লগে তলৰ পৰা ওলাই দৌৰ মাৰে। ঘূৰি আহি দেখা পাওঁ কুকুৰটো মোৰ গাড়ী থোৱা ঠাইত শুই আছিল। গাড়ীৰ মাত শুনি বাহিৰলৈ দৌৰ মাৰি। দুদিন মান এইদৰেই চলি থাকিল। মানুহৰ মাত শুনিলে দৌৰ মাৰি আৰু মানুহ যোৱাৰ পিছত আকৌ আহি মোৰ গাড়ীৰ ওচৰত বহি বা শুই থাকে। এদিন ভালকৈ লক্ষ্য কৰি দেখিলো কুকুৰটো বৰ দুৰ্বল। খুব সম্ভৱ দুদিনমান খাব পোৱা নাই। পিছ দিনাখন পুৱাই দুটামান বিস্কুট লৈ আহি দেখিলো কুকুৰটো নাই। ভাবিলোঁ খাবলৈ নিদিয়াৰ বাবে গুচি গল। মনত বেয়া লাগিল। পাছত মই কামৰ পৰা আহি দেখোঁ সি তাৰ নিজৰ ঠাইত শুই আছে। গাড়ীৰ মাত শুনি দৌৰ মাৰিলে। বিস্কুট লগতে আছিল। মাতিলোঁ। নাহিল। দূৰৰ পৰা দলিয়াই দিলোঁ। সি বিস্কুট ফালে ঘূৰিয়েই নাচালে।

পিছদিনাখন পুৱা ডালি ভাত আনি দিলো। কিন্তু কুকুৰটো নাছিল। এঠাইত ভাতখিনি দি থৈ আহিলোঁ। ভাবিলোঁ আহিলে খাব। এটা সময়ত আহিল কিন্তু ভাত ভাতেই হৈ থাকিল। ভাত খিনি কাউৰীয়ে খাব পেলালে। পিছদিনাখন অলপ মাংসৰ হাৰ্ডিৰে ভাত দিলো। বাঃ কি তৃপ্তিৰে খালে। মোৰ বুজিব বাকী নাথাকিল যে আগতে কুকুৰটো ভাল মানুহৰ ঘৰতে আছিল। যত নিতৌ মাছ মাংস চলে। এতিয়া বুঢ়া আৰু বেমাৰী হোৱাত তাক ঘৰৰ পৰা খেদি দিছে। আজি কালি নিজ পুত্ৰই বুঢ়া বেমাৰী পিতৃ মাতৃক বাহিৰত দলিয়াই থৈ আছে। কুকুৰনো কি? ৰাতি ভাত দিব গলে তাক দেখা নাপাও। পাছত গম পালো কুকুৰটো পুৱা ১০ টা মান বজাত আহে আৰু আবেলি ৫ টা মান বজাত গুচি যায়। কুকুৰটোৰ ঘড়ী নাই। কিন্তু সময়ত আহে ,সময়ত যায়। সময়ৰ মূল্য বুজি পায়।কিন্তু হাতত ঘড়ী থকা সকলে ?ৰাতি কত থাকে নাজানো। অফিচৰ সময়ত আহে আৰু যায়। সেয়েহে নাম দিলো “অফিচ”.। অফিচ বহুত জ্ঞানী। কোনো দিনে চৌহদত মল মূত্ৰ ত্যাগ নকৰে। কত কৰেগৈ নাজানো। সাধাৰণ কুকুৰৰ অসাধাৰণ জ্ঞান আৰু আমাৰ কিছুমান জ্ঞানী লোকে বিলাতী কুকুৰ ফুৰাবলৈ আনি গেটৰ মুখত……।

কিন্তু lockdown হোৱা দিনৰে পৰা অফিচ কতো যোৱা নাই। দিন ৰাতি মোৰ গাড়ীৰ তলতে আছে।কেৱল মল মূত্ৰৰ সময়ত যায়। অৰ্থাৎ lockdown ৰ অৰ্থ সিও বুজি পাছে। অমাৰ লগতে অফিচে নিজকে home কোৱাৰেনতাইন কৰি ৰাখিছে। ওচৰত ৰৈ থাকিলে ভাত নাখায়। অৰ্থাৎ সিও সামাজিক দূৰত্ব বুজি পাইছে আৰু নিৰামিষ নোখোৱা অফিছে আজি কালি যি দিওঁ তাকে তৃপ্তিৰে খাইছে। অৰ্থাৎ আমাৰ অৱস্থা সিও বুজিছে। কিন্তু আমাৰ ভদ্ৰ সমাজৰ ভদ্ৰলোকে কেতিয়া বুজিব?
ৰাজীৱ ক্ৰ/৮/৪/২০২০/বুধবাৰ/ বিয়লি-৫.২৩

https://www.facebook.com/rajib.kro.3/posts/1559570417531843?__cft__[0]=AZW75-yZ-5_2PrR4r3fQe2GOtXerJvGGHBYGhZHozvdMv55RPykZyjoZmYEKF4W1hmGGHiBpm5FebQ4QBQlw7rSlBPPG89FmuBf_uC1mOQ9xHy_-LgsmPVtakNJWH6mCRTU&__tn__=%2CO%2CP-R

…………………………………………………………………………………………………..
Together we can fight this difficult situation.

An appeal on behalf of Mr Rajib Kro, team JBF and the needy animals, we need your support to continue the caring of the innocent souls.All donations are tax deductible, check here.

[dt_sc_button type=”with-icon” icon=”fa-heart” link=”http://jbfsociety.org/donate/” size=”medium” variation=”red” textcolor=”#ffffff” data_animation=”pulse” data_delay=”200″ target=”_blank”]KINDLY DONATE[/dt_sc_button]